-->

শ্ৰীলংকাত আৰম্ভ হ’ল বিশ্বৰ বৃহত্তম গ্ৰন্থৰ বজাৰ

শ্ৰীলংকাত আৰম্ভ হ’ল বিশ্বৰ বৃহত্তম গ্ৰন্থৰ বজাৰ

শ্ৰীলংকাৰ ৰাজধানী কলম্বোত কালিৰে পৰা আৰম্ভ হৈছে বিশ্বৰ বৃহত্তম গ্ৰন্থৰ বজাৰখন। মালয়েছিয়াৰ এন্ড্ৰু য়াপ আৰু জেকুলিন এনজিয়ে আৰম্ভ কৰা এই গ্ৰন্থৰ বজাৰত বিক্ৰীৰ বাবে প্ৰদৰ্শিত হ'ব ১৫ লাখ কিতাপ। 'বিগ বেড অ'লফ ছেল' নামেৰে পৰিচিত এই গ্ৰন্থ বজাৰৰ জৰিয়তে ইংৰাজী কিতাপ অধ্যয়নৰ বাবে পাঠকক উৎসাহিত কৰা হ'ব। ২৪ ঘণ্টাই বিক্ৰীৰ বাবে মুকলি থাকিবলগীয়া এই বজাৰখন অহা ১৫ অক্টোবৰত সামৰণি পৰিব। কালি শ্ৰীলংকাৰ শিক্ষামন্ত্ৰী আকিলা বিৰাজ কৰিয়াৱাচমে গ্ৰন্থৰ বজাৰখন মুকলি কৰে।