-->

ব্ৰিকছ সন্মিলনত পাক সমৰ্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে ৰণহুংকাৰ ব্ৰিকছ ৰাষ্ট্ৰপ্ৰধানৰ

ব্ৰিকছ সন্মিলনত পাক সমৰ্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে ৰণহুংকাৰ ব্ৰিকছ ৰাষ্ট্ৰপ্ৰধানৰ

অৱশেষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্ত্ৰাসবাদবিৰোধী যুজঁখনলৈ সমৰ্থন আগবঢ়ালে চুবুৰীয়া চীনে। কেৱল চীনেই নহয়, ব্ৰিকছৰ অন্তৰ্গত থকা পাঁচোখন ৰাষ্ট্ৰই ঐক্যবদ্ধভাৱে ৰণহুংকাৰ দিলে সন্ত্রাসবাদৰ বিৰুদ্ধে। এক প্ৰস্তাৱমৰ্মে সন্মিলনে এখন ঘোষণাপত্ৰ জাৰি কৰি কয় যে সন্ত্রাসবাদী কাৰ্যকলাপ সংঘটিত কৰা আৰু এনে কাৰ্যক সমৰ্থন কৰা সকলো সংগঠন, সংস্থা বা ব্যক্তি জবাবদিহি হ'ব লাগিব। মুঠ ৪৩ পৃষ্ঠাৰ এই 'জিয়ামেন ঘোষণাপত্ৰ' এক ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পূৰ্বৰে পৰা কৈ আহিছিল যে 'সন্ত্রাসবাদী সদায় সন্ত্ৰাসবাদীয়েই। ভাল সন্ত্রাসবাদী আৰু বেয়া সন্ত্রাসবাদী বুলি কোনো ভাগ নাই। 

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনা ৰাষ্ট্রপতি জি জিনপিঙে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব যদিও আজি আন নেতাসকলৰ লগত এই দুয়োজন ৰাষ্ট্ৰনেতাই পৰস্পৰৰ লগত অতি আন্তৰিকতাৰে কথা-বতৰা পাতে। এই পৰিৱেশত দুয়োখন দেশৰ মাজত ড'কলাম বিবাদৰ বাবে যে প্ৰায় দুমাহজোৰা যুদ্ধ-উত্তেজনা আৰু দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটিছিল সেই কথা উপলব্ধি কৰাৰ কোনো থল নাছিল। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া তথা ব্ৰিকছৰ অন্যতম সচিব প্ৰীতি ছাৰনে সাংবাদিকৰ আগত কয়, 'ভাৰত-চীন উভয়ে ড'কলাম আচলাৱস্থাৰ স্মৃতি পাহৰিব বিচাৰে আৰু ব্ৰিকছ সন্মিলনত এই বিষয়টো কোনো এখন দেশে ঠাই দিব বিচৰা নাই।' তেওঁ লগতে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে কৰা ঘোষণা অতি গুৰুত্বপূৰ্ণ। ঘোষণাপত্ৰত কেৱল সন্ত্রাসবাদৰ বিৰুদ্ধেই নহয়, ব্ৰিকছ সন্মিলনে উগ্ৰপন্থা আৰু ধৰ্মীয় মৌলবাদৰ বিৰোধীতাৰ কথাও স্পষ্টকৈ উল্লেখ কৰিছে বুলি ছাৰনে কয়।