-->

আমেৰিকাৰ কঠোৰ স্থিতি : হাফিজ চৈয়দৰ বিপক্ষে ব্যৱস্থা ল’বই লাগিব

আমেৰিকাৰ কঠোৰ স্থিতি : হাফিজ চৈয়দৰ বিপক্ষে ব্যৱস্থা ল’বই লাগিব

হাফিজ চৈয়দ এজন সন্ত্রাসবাদী আৰু তাক লৈ কোনো সন্দেহ নাই। হাফিজ চৈয়দ সম্পৰ্কত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছিয়ে শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দি মাৰ্কিন বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হেথাৰ নেবাৰ্টে এনেদৰে কয়। নেবাৰ্টে কয় যে আমেৰিকায়ো হাফিজক সন্ত্রাসবাদী হিচাপে গণ্য কৰে। 'মুম্বাইৰ সন্ত্রাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে হাফিজৰ নাম পোহৰলৈ আহিছে। গতিকে তেওঁৰ বিপক্ষে আইনী ব্যৱস্থা চলিবই লাগিব'- নেবাৰ্টে এনেদৰে কয়। স্মৰ্তব্য যে অলপতে পাকিস্তানী প্ৰধানমন্ত্ৰীজনে হাফিজক 'চাহেব' বুলি সম্বোধন কৰি কৈছিল যে তেওঁৰ বিপক্ষে কোনো গোচৰ ৰুজু হৈ থকা নাই।