চীনৰ ৰাষ্ট্ৰপতি জিংপিঙৰ সহায়ৰ ফলত সম্ভৱ হৈ উঠিছে আমেৰিকা-উঃ কোৰিয়াৰ আলোচনা

চীনৰ ৰাষ্ট্ৰপতি জিংপিঙৰ সহায়ৰ ফলত সম্ভৱ হৈ উঠিছে আমেৰিকা-উঃ কোৰিয়াৰ আলোচনা

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ আমেৰিকাৰ সৈতে আলোচনাত মিলিত হ'বলৈ সাজু হোৱাৰ ক্ষেত্ৰত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং সহায় হৈছিল বুলি কয় ড'নাল্ড ট্ৰাম্পে। যোৱা শুকুৰবাৰে ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এক টেলিফ'নিক বাৰ্তালাপতো মিলিত হয়। দুয়োখন দেশে উত্তৰ কোৰিয়াক পাৰমাণৱিক অস্ত্ৰমুক্ত কৰাৰ বাবে হেঁচা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। যোৱা সপ্তাহত ট্ৰাম্পে উত্তৰ কোৰিয়াৰ নেতা কিমৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে বিশ্ব স্তম্ভিত হৈ পৰিছিল। মে' মাহৰ শেষলৈ দুয়োগৰাকী নেতা এই আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এনে আলোচনাৰ পৰ্যায়লৈ দুয়োপক্ষৰ সম্পৰ্ক আগবঢ়াই নিয়াত চীনৰ বিশেষ সহায় থকাৰ কথা উল্লেখ কৰে ড'নাল্ড ট্ৰাম্পে।