-->

ভিয়েটনামত সামুদ্ৰিক ধুমুহাৰ তাণ্ডৱ: বৰ্তমানলৈকে ৬৫ জনৰ প্ৰাণহানি

ভিয়েটনামত সামুদ্ৰিক ধুমুহাৰ তাণ্ডৱ: বৰ্তমানলৈকে ৬৫ জনৰ প্ৰাণহানি

সামুদ্ৰিক ধুমুহা দামৰেৰ কবলত পৰিছে ভিয়েটনাম। এই সামুদ্ৰিক ধুমুহাই দেশখনৰ দক্ষিণ আৰু মধ্য উপকূলীয় অঞ্চলত সৃষ্টি কৰা পৰিস্থিতিৰ ফলত নিহতৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি পাইছে। এপেক সন্মিলনৰ বাবে ভিয়েটনামলৈ বিশ্বৰ আগশাৰীৰ নেতাসকল অহাৰ প্ৰকমুহূৰ্ততে এই ধুমুহাই দেশখনত সৃষ্টি কৰিছে তাণ্ডৱৰ। এই ধুমুহাৰ ফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়ানাত বিস্তৰ ক্ষতি হোৱা বুলি মঙলাবাৰে এগৰাকী বিষয়াই সদৰী কৰে। এই ধুমুহাৰ পিছত উদ্ভৱ হোৱা বান আৰু ভুমিস্খলনৰ ফলত বহু লোকে নিৰাপদ স্থানলৈ আঁতৰি যাবলগীয়া হৈছে। উদ্ধাৰকাৰী দলে সামুদ্ৰিক ধুমুহাৰ কবলত পৰি সন্ধানহীন লোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে মঙলাবাৰে। যোৱা শনিবাৰে দেশখনত খুন্দা মাৰিছিল সামুদ্ৰিক ধুমুহা দামৰেই। যোৱা ছেপ্টেম্বৰ মাহতো সামুদ্ৰিক ধুমুহাৰ ফলত দেশখনত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগা হৈছিল।