-->

তুৰষ্কই ৫৩ গৰাকী ৰহিংগা মুছলমান শিক্ষাৰ্থীক দিব বিশ্ববিদ্যালয়ৰ জলপানি

তুৰষ্কই ৫৩ গৰাকী ৰহিংগা মুছলমান শিক্ষাৰ্থীক দিব বিশ্ববিদ্যালয়ৰ জলপানি

৫৩ গৰাকী ৰহিংগা মুছলমান শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ৰ জলপানি প্ৰদান কৰিব তুৰষ্কই। দেশখনৰ উপ-প্ৰধানমন্ত্ৰী হাকান কাভাছগূলুৰে কালি এই কথা ঘোষণা কৰে। ইয়াৰ যোগেদি ম্যানমাৰৰ সংঘর্ষজৰ্জৰ ৰাখাইন প্ৰদেশৰ ৰহিংগা শিক্ষৰ্থীয়ে যোগাযোগ, আইন, ৰাজনীতি আৰু মানৱ অধিকাৰ বিষয়ত তুৰস্কৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুবিধা লাভ কৰিব। বৰ্তমান বহুসংখ্যক ৰহিংগা শিক্ষাৰ্থী তুৰস্কৰ কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যয়নৰত। ইফালে উপ-প্ৰধানমন্ত্ৰীজনে ম্যানমাৰৰ পৰা প্ৰাণ লৈ বাংলাদেশলৈ পলাবলগীয়া হোৱা প্ৰায় পাঁচ নিযুত ৰহিংগা মুছলমান শৰণাৰ্থীক খাদ্য আৰু স্বাস্থ্য সেৱা আগবঢ়াব বুলিও নিশ্চিতি দিছে।