-->

উত্তৰ কোৰিয়াক ট্রাম্পৰ কঠোৰ সকীয়নি: যুদ্ধৰ বাবে সেনাক সাজু হোৱাৰ নিৰ্দেশ

উত্তৰ কোৰিয়াক ট্রাম্পৰ কঠোৰ সকীয়নি: যুদ্ধৰ বাবে সেনাক সাজু হোৱাৰ নিৰ্দেশ

পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰে উত্তৰ কোৰিয়াক বিধ্বস্ত কৰিবলৈ সাজু হৈ আছে আমেৰিকা। উত্তৰ কোৰিয়াৰ সাম্ভাব্য যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজন সাপেক্ষে আমেৰিকাই সম্পূৰ্ণ সামৰিক শক্তি প্ৰয়োগ কৰিবলৈও প্ৰস্তুতি সম্পূৰ্ণ কৰি থৈছে। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনক উদ্দেশ্যি এই সতৰ্কবাণী প্ৰেৰণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। জাপান ভ্ৰমণ সামৰি দক্ষিণ কোৰিয়াত উপস্থিত হোৱাৰ পিছতে মঙলাবাৰে ট্ৰাম্পে কয় যে যুদ্ধবাজ উত্তৰ কোৰিয়াক প্ৰতিহত কৰাৰ বাবে আমেৰিকাই দেশখনৰ বিৰুদ্ধে প্ৰয়োজন হ'লে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণা কৰিব। এই সতৰ্কবাণীৰ সমান্তৰালভাৱে আপোচমূলক স্থিতিৰে যুদ্ধৰ বিভীষিকা আঁতৰোৱাৰ বাবে দায়বদ্ধতাৰ পৰিচয় দিবলৈ কিম জং উনক আহ্বান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পে কয় যে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আমেৰিকাই নিজৰ সম্পূৰ্ণ সামৰিক শক্তি প্ৰয়োগ কৰিব বিচৰা নাই। এক ভয়ংকৰ যুদ্ধই উত্তৰ কোৰিয়াৰ লক্ষ লক্ষ নাগৰিকৰ জীৱন বিপন্ন কৰি তুলিব বুলি আঙুলিয়াই ট্রাম্পে কয় যে দেশখনৰ নিৰীহ জনতাক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিয়া পৰিস্থিতি অৰ্থাৎ যুদ্ধ প্ৰতিহত কৰাৰ বাবে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে আমেৰিকা।