-->

জাপানৰ পৰা দক্ষিণ কোৰিয়াত উপস্থিত ট্ৰাম্প: পাৰমাণৱিক আৰু বাণিজ্যিক আলোচনা হোৱাৰ সম্ভাৱনা

জাপানৰ পৰা দক্ষিণ কোৰিয়াত উপস্থিত ট্ৰাম্প: পাৰমাণৱিক আৰু বাণিজ্যিক আলোচনা হোৱাৰ সম্ভাৱনা

বাৰ দিনজোৰা এছিয়া ভ্ৰমনসূচীৰ দ্বিতীয়টো স্তৰত দক্ষিণ কোৰিয়াত উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। মঙলাবাৰে দক্ষিণ কোৰিয়াত উপস্থিত হোৱা ৰাষ্ট্ৰপতি ট্ৰাম্পে দেশখনৰ নেতাসকলৰ সৈতে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক প্ৰসংগ, বাণিজ্য আদি বিষয়ত আলোচনাত মিলিত হ'ব। নেতাগৰাকী দক্ষিণ কোৰিয়াত উপস্থিত হোৱাৰ পাছত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মুন জো ইনৰ সৈতে এলানি বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ কথা। ইতিমধ্যে ড'নাল্ড ট্রাম্পৰ এছিয়া ভ্ৰমণসূচীক কেন্দ্ৰ কৰি উত্তৰ কোৰিয়াৰ পাৰমাণৱিক বিষয়টোৱে চৰ্চা লাভ কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে উত্তৰ কোৰিয়াৰ পাৰোমাণৱিক সংকট সমাধানৰ উদ্দেশ্যে এই দীঘলীয়া ভ্ৰমণসূচী গ্ৰহণ কৰে।