-->

ট্ৰাম্পে কৰিলে ঝিক’ৰ উচ্চ প্ৰশংসা

ট্ৰাম্পে কৰিলে ঝিক’ৰ উচ্চ প্ৰশংসা

চীন ভ্ৰমণ সামৰি ভিয়েটনামলৈ উৰা মৰাৰ প্ৰকমুহূৰ্তত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক উচ্চ প্ৰশংসা কৰে । ঝিক অত্যন্ত শ্ৰদ্ধভাজন বুলি অভিহিত কৰি ট্ৰাম্পে আমেৰিকা আৰু চীনৰ মাজত সম্পৰ্কই নতুন ৰূপ লব বুলিও আশ্বাস প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত । লগতে পুনৰবাৰ উত্তৰ কোৰিয়াৰ বিৰুদ্ধে চীনক কঠোৰ হবলৈ আহ্বান জনায় আৰু আমেৰিকাৰ সৈতে দিপাক্ষিত বাণিজ্যৰ ক্ষেত্ৰত থকা সকলো বাধা আতঁৰিব বুলিও আশা প্ৰকাশ কৰে ।