-->

এইবর্ষৰ অৰ্থনীতিৰ নোবেল ৰিচাৰ্ড থালেৰলৈ

এইবর্ষৰ অৰ্থনীতিৰ নোবেল ৰিচাৰ্ড থালেৰলৈ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ২০১৭ চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিলে মাৰ্কিন অৰ্থনীতিবিদ ৰিচাৰ্ড এইচ থালেৰে। ছুইডিছ একাডেমী অব ছায়েন্সৰ সচিব গোৰান হানচেনে সোমবাৰে এই কথা ঘোষণা কৰি কয় - অৰ্থনীতিৰ মনস্তাত্বিক বাখ্যা কৰাৰ বাবে অধ্যাপক থালেৰলৈ এই বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ৭২ বছৰীয়া থালেৰ বৰ্তমান ইউনিভাৰ্চিটি অব চিকাগো বুথ অব বিজনেছৰ ব্যৱহাৰিক বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যাপক। ব্যৱহাৰিক অৰ্থনীতিৰ সূত্ৰৰে অৰ্থনীতিক অধিক মানৱীয় ৰূপ প্ৰদান কৰা অৰ্থনীতিবিদসকলৰ অন্যতম থালেৰে পুৰস্কাৰ হিচাপে লাভ কৰিব ১.১ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ৭ কোটি টকা। ব্যৱহাৰিক অৰ্থনীতিৰ ওপৰত থালেৰৰ লিখিত 'মিছবিহেবিং: দা মেকিং অব বিহেভিয়াৰেল ইক'ন'নিকছ' গ্ৰন্থখনত তেওঁ দেখুৱাইছে কিদৰে সৰ্বসাধাৰণ গ্ৰাহক বা নাগৰিকে কোনো অৰ্থনৈতিক সিদ্ধান্ত বা ক্ৰয়ৰ ক্ষেত্ৰত একোজন লোকৰ মনস্তাত্বিক দিশটোৱে কাম কৰে। নোবেল প্ৰতিষ্ঠানে নিজৰ ঘোষণাত কৈছে যে থালেৰৰ গৱেষণাই স্পষ্ট কৰি দেখুৱাইছে যে অর্থনৈতিক সিদ্ধান্ত গ্ৰহণ মনস্তাত্বিকভাৱে বাস্তৱসন্মত সিদ্ধান্তইহে মূৰকত কাম কৰে।