-->

ছোমালিয়াৰ ৰেস্তোৰাঁত সন্ত্ৰসবাদীৰ ভয়ংকৰ আক্ৰমণ: নিহত ২৯

ছোমালিয়াৰ ৰেস্তোৰাঁত সন্ত্ৰসবাদীৰ ভয়ংকৰ আক্ৰমণ: নিহত ২৯

ছোমালিয়াৰ ৰাজধানী মোগদিছুৰ দুখন ৰেস্তোৰাঁত অল স্বাবাব সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী গাড়ীবোমা বিস্ফোৰণ আৰু গুলিচালনাৰ ঘটনাত কমেও ২৯ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ লগতে ২৬ জন লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বুধবাৰে স্থানীয় সময় মতে সন্ধিয়া প্ৰায় ৮ বজাত ছটা সন্ত্রাসবাদীয়ে প'ষ্ট ট্ৰিটছ ৰেস্তোৰাঁ ক্লাৱত আত্মঘাতী গাড়ীবোমা আক্ৰমণ কৰাৰ উপৰিও পিজ্জা হাউচ ৰেস্তোৰাঁত সোমাই জধে মধে গুলিচালনা কৰে। প্ৰায় ১২ ঘণ্টাৰ অন্তত নিৰাপত্তাৰক্ষীয়ে আক্ৰমণ কৰা সন্ত্রাসবাদীক ধাৰসায়ী কৰে।