-->

স্পেইনৰ বাৰ্চিলোনাত ইছলামিক ষ্টেট সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণ: নিহত ১৩ আৰু আহত শতাধিক

স্পেইনৰ বাৰ্চিলোনাত ইছলামিক ষ্টেট সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণ: নিহত ১৩ আৰু আহত শতাধিক

পুনৰ এবাৰ ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণে কঁপাই গৈছে সমগ্ৰ ইউৰোপ। ইউৰোপৰ অন্যতম গুৰুত্বপূৰ্ণ দেশ স্পেইনৰ বাৰ্চিলোনাত সংঘটিত হৈছে এই সন্ত্রাসবাদী আক্ৰমণ। বাৰ্চিলোনাৰ লা ৰামব্লাছ এভিনিউত কালি এখন ভান জনসমাগমৰ মাজত সোমাই যোৱাৰ ফলত অতি কমেও ১৩ জন লোক নিহত হয়। প্ৰথম অৱস্থাত এয়া এক দুঘটনা বুলি সকলোৱে ভাবিছিল যদিও পিছলৈ আৰক্ষীৰ সূত্ৰই এয়া এক পৰিকল্পিত সন্ত্রাসবাদী সংগঠন বুলি স্পষ্ট কৰে। ঘটনা সংঘটিত হোৱা ৰামব্লাছ বাৰ্চিলোনাৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। ইয়াৰ পিচতে আৰক্ষীয়ে ভানখনৰ চালকজনৰ লগতে অন্যান্য সন্ত্রাসবাদী সদস্য কেইজনৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰে। আনহাতে শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি সন্ত্ৰসবাদী সংগঠনৰ সদস্যকেইজনে বাৰ্চিলোনাৰ কাষৰ আন এডোখৰ ঠাইত পুনৰ অনুৰূপ আক্ৰমণ সংঘটিত কৰে। এই ঘটনাটো আৰক্ষী বিষয়াসহ কেইবাজনো ব্যক্তি আহত হয়। এই আক্ৰমণ সংঘটিত কৰিয়েই সন্ত্ৰাসবাদী সদস্য কেইজনে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে বাৰ্চিলোনাৰ ৰে'ল আৰু মেট্ৰ' ষ্টেচনসমূহ বন্ধ কৰি দিয়া হৈছে। আৰক্ষীয়ে সমগ্ৰ দেশখনতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।