-->

ম্যানমাৰত ৰহিংগাৰ ওপৰত অত্যাচাৰ: তীব্ৰ চাপৰ সন্মুখীন আং ছান ছ্যু কী

ম্যানমাৰত ৰহিংগাৰ ওপৰত অত্যাচাৰ: তীব্ৰ চাপৰ সন্মুখীন আং ছান ছ্যু কী

ম্যানমাৰৰ ৰাখাইন প্ৰদেশত ৰহিংগা মুছলমানৰ ওপৰত দেশখনৰ সেনাবাহিনীয়ে কৰা অত্যাচাৰক বিশ্বৰ বিভিন্ন দেশে সমালোচনা কৰাৰ সময়তে শেহতীয়াকৈ সৃষ্টি হোৱা মানৱীয় সংকটতক লৈ শান্তিৰ নোবেল বঁটা বিজয়ী, দেশখনৰ গণতান্ত্ৰিক নেত্ৰী আং ছান ছ্যু কিক তীব্ৰ সাপৰ সন্মুখীন হৈছে। বাংলাদেশ, ইণ্ডোনেছিয়া, পাকিস্তানকে ধৰি বিভিন্ন মুছলমান দেশে ৰহিংগা মুছলমানৰ ওপৰত হোৱা অত্যাচাৰক ছ্যু কীয়ে গৰিহণা দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰিছে। প্ৰদেশখনৰ পৰা এতিয়ালৈ ১.২৫ লাখ ৰহিংগা প্ৰাণৰ ভয়ত পলাই বাংলাদেশত প্ৰৱেশ কৰিছে। এনে সময়তে ইণ্ডোনেছিয়াৰ বৈদেশিক মন্ত্ৰীয়ে কালি ছ্যু কী আৰু ম্যানমাৰৰ সেনাপ্ৰধান মীন আং হেইঙক সাক্ষাৎ কৰি ৰাখাইন প্ৰদেশত ৰহিংগাৰ বিৰুদ্ধে চলা অভিযান তথা অত্যাচাৰ বন্ধ কৰাৰ আহ্বান জনায়। তেওঁ সকলোধৰণৰ হিংসা তাৎক্ষণিকভাৱে বন্ধ কৰি মানৱীয় সাহাৰ্য প্ৰদান কৰাৰ লগতে ৰহিংগা মুছলমানৰ উন্নয়নৰ বাবে দীৰ্ঘ আৰু হস্ৰম্যাদী ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।