-->

এ আই ডি এম কেৰ শীৰ্ষ পদৰ পৰা শশীকলাক অপসাৰণ

এ আই ডি এম কেৰ শীৰ্ষ পদৰ পৰা শশীকলাক অপসাৰণ

প্ৰয়াত মুখ্যমন্ত্ৰী তথা দলৰ অবিসম্বাদী নেতা জয়ৰাম জয়াললিতাই হৈছে এ আই ডি এম কেৰ সৰ্বকালৰ সাধাৰণ সম্পাদক। এই পদত কোনো কেতিয়াও অধিষ্ঠিত হ'ব নোৱাৰে। সাধাৰণ পৰিষদৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰে তামিলনাডুৰ শাসনত থকা এ আই ডি এম কে দলে। এই সিদ্ধান্ত গ্ৰহণৰ সমান্তৰালকৈ দলটোৰ শীৰ্ষ পদবীৰ পৰা অপসাৰণ কৰা হয় শশীকলা নটৰাজনক। অৱশ্যে সাধাৰণ পৰিষদৰ এই সিদ্ধান্তৰ বৈধতা মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিচাৰ্যৰ বিষয়। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সন্মান জনাই দলৰ শীৰ্ষ পদ শূন্য কৰি ৰখাৰ সিদ্ধান্তৰ বিৰোধিতা কৰাটো এতিয়া স্বাভাৱিকতে শশীকলা তথা দিনকৰণ শিবিৰৰ বাবে জটিল হৈ পৰিল। সেয়ে হ'লেও এ আই ডি এম কেৰ এই বৈঠকত মান্যতা দিবলৈ ৰাজি হোৱা নাই শশীকলা শিবিৰ। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাগৰলৈ যোৱাৰ পূৰ্বে শশীকলাই টি টি ভি দিনকৰণক দলৰ উপ-সাধাৰণ সম্পাদক পদত অধিষ্ঠিত কৰিছিল যদিও কালি তেওঁকো এই পদৰ পৰা অপসাৰণ কৰা হয়।