-->

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সকীয়নি: উত্তৰ কোৰিয়াৰ সংকটে সৃষ্টি কৰিব মহাবিপৰ্যয়ৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সকীয়নি: উত্তৰ কোৰিয়াৰ সংকটে সৃষ্টি কৰিব মহাবিপৰ্যয়ৰ

উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সংকটে জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশখনৰ বিৰুদ্ধে দায়িত্বজ্ঞানহীন নিষেধাজ্ঞা আৰোপে বিশ্বজোৰা মহাবিপৰ্যয়ৰ সৃষ্টি কৰাৰ লগতে বৃহৎ পৰিমাণৰ ধন জনৰ লোকচান কৰিব পাৰে বুলি সকীয়াই দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। পুটিনৰ মতে এনে অৱস্থাত শক্তি প্ৰয়োগ বা যুদ্ধৰ কথা ভবাটো অতিকে বিবেচনাহীন কথা হ'ব। চীনত হোৱা ব্ৰিকছ সন্মিলনৰ সময়ত সাংবাদিকেৰে হোৱা বার্তালাপৰ সময়ত পুটিনে কয় যে ইৰাক আৰু লিবিয়াত বিদেশী শক্তিৰ হস্তক্ষেপে উত্তৰ কোৰিয়াৰ একনায়ক কিম জন উনক বিশ্বাস কৰাবলৈ বাধ্য কৰাইছে যে জীয়াই থকাৰ বাবে উত্তৰ কোৰিয়াক বৰ্তমান আটাইতকৈ প্ৰয়োজন পাৰমাণৱিক অস্ত্ৰৰ। পুটিনৰ মতে উত্তৰ কোৰিয়াৰ নাগৰিকে প্ৰয়োজনত ঘাঁহ খাব, কিন্তু নিৰাপদ বুলি অনুভৱ নকৰাৰ বাবে পাৰমাণৱিক অস্ত্ৰ আঁচনি বাদ নিদিয়ে। উত্তৰ কোৰিয়াই আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আহ্বানক নেওচি এটাৰ পিছত এটা ক্ষেপনাস্ত্ৰ, পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ কোৰিয়াই দেশখনৰ ভূ-ভাগত মাৰ্কিন পাৰমাণৱিক অস্ত্ৰ মোতায়েন কৰাৰ কথা বিবেচনাৰ ইংগিত দিয়াৰ সময়তে পুটিনে এই সকীয়নি প্ৰদান কৰিছে। উত্তৰ কোৰিয়াই ক্ষেপনাস্ত্ৰৰ পৰা অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চং ইয়ং মুই ইয়াৰ মুকবিলা কৰিবলৈ উপলদ্ধ সকলো সামৰিক ব্যৱস্থাৰ কথা বিবেচনা কৰা হৈছে বুলি প্ৰকাশ কৰিছে।