আমেৰিকাৰ সৈতে আলোচনাৰ বাবে সাজু ৰাছিয়া

আমেৰিকাৰ সৈতে আলোচনাৰ বাবে সাজু ৰাছিয়া

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যিকোনো বিষয়ত আমেৰিকাৰ সৈতে আলোচনা কৰাৰ বাবে সাজু বুলি কৈছে। লগতে ৱাশ্বিংটন মহলকো একে মনোভাব ৰাখিবলৈ কয় পুটিনে। শনিবাৰে এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কোৱা মতে ক্ষেপনাস্ত্ৰকেন্দ্ৰিক বিষয়, চাইবাৰ স্পেচ আৰু সন্ত্রাস প্ৰতিৰোধৰ দৰে বিষয়সমূহক লৈ আমেৰিকাৰ সৈতে আলোচনাৰ বাবে ৰাছিয়া সাজু। সাক্ষাৎকাৰত পুটিনে ব্যক্ত কৰামতে ৰাছিয়া আৰু আমেৰিকাই একেলগে বহি বিষয়বোৰ প্ৰত্যক্ষভাৱে আলোচনা কৰা উচিত। বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে আলোচনাত বহাৰ প্ৰতি আগ্ৰহী যদিও তেওঁক কোনো শক্তিয়ে বাধা দিয়া বুলি পুটিনে অনুভৱ কৰাৰ কথাও ব্যক্ত কৰে।