-->

লণ্ডনত পুনৰ সন্দেহজনক সন্ত্রাসবাদীৰ কাণ্ড: গাড়ীৰে মহটিয়ালে বহু পথচাৰীক

লণ্ডনত পুনৰ সন্দেহজনক সন্ত্রাসবাদীৰ কাণ্ড: গাড়ীৰে মহটিয়ালে বহু পথচাৰীক

লণ্ডনৰ দক্ষিণ কেমছিংটন এলেকাৰ নেচাৰেল হিষ্ট্ৰি মিউজিয়ামৰ ওচৰত কালি এজন সন্দেহজনক সন্ত্রাসবাদীয়ে তীব্ৰ বেগেৰে এখন কাৰ পদপথত চলাই বহুকেইজন পথচাৰীক আহত কৰে। চালকজনৰ এই কাণ্ডত অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছ মুহূৰ্তত ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্স আৰু আৰক্ষী। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কালি আৰক্ষীয়ে উন্মত্ত চালকজনক মেট্ৰ'পলিটান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ লগত সন্ত্রাসবাদী সংগঠন জড়িত বুলি বিভিন্ন মহলে সন্দেহ কৰিছে।