-->

বাংলাদেশলৈ পলায়ন কৰিছে ম্যানমাৰৰ ৰহিংগা মুছলমান

বাংলাদেশলৈ পলায়ন কৰিছে ম্যানমাৰৰ ৰহিংগা মুছলমান

ম্যানমাৰৰ সংখ্যালঘু ৰহিংগা মুছলমানৰ বিৰুদ্ধে অব্যাহত থকা হিংসাৰ পৰিণতিত এতিয়ালৈ এইটো সম্প্ৰদায়ৰ ৭৫ হেজাৰ লোক চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ আঞ্চলিক মুখপাত্ৰ ভিভিয়ান টানে এই কথা সদৰী কৰা অনুসৰি যোৱা ২৫ আগষ্টত ম্যানমাৰৰ ৰাখাইন ৰাজ্যত আৰম্ভ হোৱা হিংসাৰ পৰিণতিত ৭৫ হেজাৰ ৰহিংগাই বাংলাদেশলৈ পলায়ন কৰিছে। প্ৰত্যেক দিনাই বাংলাদেশলৈ পলায়ন কৰা ৰহিংগাৰ সংখ্যা হেজাৰোধিক হ'ব। বাংলাদেশৰ সাহাৰ্য শিবিৰসমূহত ৰহিংগাৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি হৈছে। বহু ৰহিংগা মুছলমান শৰণাৰ্থীয়ে আকৌ শৰীৰত গুলী লৈও বাংলাদেশত আশ্ৰয় লৈছে। ম্যানমাৰৰ সেনা আৰু আৰক্ষীয়ে চলাই অহা নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত ৰাখাইন ৰাজ্যত কমেও ১১০ জন ৰহিংগাৰ ইতিমধ্যে মৃত্যুও হৈছে।