চাইৰিল ৰামাফ’ছাক নিৰ্বাচিত হ’ল দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰূপত

চাইৰিল ৰামাফ’ছাক নিৰ্বাচিত হ’ল দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰূপত

তীব্ৰ চাপৰ সন্মুখীন হৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি পদৰ পৰা জেকব জুমাই পদত্যাগৰ পিচতেই দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে চাইৰিল ৰামাফ'ছা। দেশখনৰ সংসদত বিনা প্ৰতিদ্বন্দিতাৰে তেওঁক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয়। দেশখনৰ অন্যতম শক্তিশালী নেতা চাইৰিলে প্ৰায় দুমাহ পূৰ্বে আফ্ৰিকান নেচনেল কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ৬৫ বছৰীয়া এই নেতাজনক আফ্ৰিকান নেচনেল কংগ্ৰেছে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰাৰ পিছতে তেওঁৰ বিজয় সুনিশ্চিত হৈছিল। কিয়নো দেশখনৰ সংসদত গৰিষ্ঠসংখ্যক প্ৰতিনিধি বৰ্তমান আছে আফ্ৰিকান নেচনেল কংগ্ৰেছৰ। সেয়ে তেওঁৰ বিপক্ষে আন কোনো দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে। উল্লেখ্য যে কেইবাটাও দুৰ্নীতিৰ গোচৰত সাঙোৰ খাই পৰাৰ পাছত দেশৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল জেকব জুমাই।