-->

ৰাছিয়াত ৰে’ল-বাছৰ সংঘৰ্ষৰ ফলত ১৯ জন নিহত

ৰাছিয়াত ৰে’ল-বাছৰ সংঘৰ্ষৰ ফলত ১৯ জন নিহত

মস্কোৰ পূব দিশত অৱস্থিত ভাডিমিৰ মহানগৰৰ ওচৰত বাছ আৰু ৰে'লৰ মাজৰ সংঘর্ষত কমেও ১৯ জন লোক নিহত হয়। আঞ্চলিক কৰ্তৃপক্ষই কালি এই কথা সংবাদ মাধ্যমক অৱগত কৰে। আঞ্চলিক স্বাস্থ্য সেৱাৰ মুৰব্বী এলেকজেন্দ্ৰা কিৰুখিনেও সমসংখ্যক লোক মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। ইফালে আঞ্চলিক আভ্যন্তৰীণ মন্ত্ৰালয়ে কয় যে উক্ত দুৰ্ঘটনাটোত নিহত আটাইকেইজন লোক বাছ খনৰ আৰোহী আছিল। উক্ত ঘটনাটোৱে সমগ্ৰ চহৰখনত শোকৰ ছাঁ পেলাইছে।