পুটিনৰ ঘোষণা : ৰাছিয়াই সাজি উলিয়ালে বিশ্বৰ সৰ্বশক্তিমান ক্ষেপনাস্ত্ৰ

পুটিনৰ ঘোষণা : ৰাছিয়াই সাজি উলিয়ালে বিশ্বৰ সৰ্বশক্তিমান ক্ষেপনাস্ত্ৰ

ৰাছিয়াই বিশ্বৰ ভিতৰতে অতিকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ সাজি উলিয়াইছে। ৰাছিয়াৰ এই ক্ষেপনাস্ত্ৰৰ সন্মুখত বিশ্বৰ কোনো ক্ষেপনাস্ত্ৰই টিকিব নোৱাৰে। এইদৰে দাম্ভিক ঘোষণা কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। নিৰ্বাচনৰ পূৰ্বে দিয়া অন্তিম ভাষণত পুটিনে কয় যে ৰাছিয়াৰ ক্ষেপনাস্ত্ৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আমেৰিকাৰ কোনো শক্তিয়ে নাই। আনকি নাটোৰ শক্তিও ৰাছিয়াৰ সন্মুখত নিষ্প্ৰভ বুলি মন্তব্য কৰে। 'ৰাছিয়াই এতিয়াও বিশ্বৰ সবাতোকৈ ডাঙৰ পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ। পিছে ইমানদিনে ৰাছিয়াৰ কথালৈ কোনেও গুৰুত্ব দিয়া নাছিল; পাছত এতিয়া সকলোৱে ৰাছিয়াৰ কথা মন দি শুনিবলৈ বাধ্য হ'ব।' - পুটিনে এইদৰে কয়। কম উচ্চতাতে উৰিব পৰা এই ক্ষেপনাস্ত্ৰই নিৰ্দিষ্ট স্থানলৈ গোলা-বাৰুদো কঢ়িয়াই নিব পাৰে বুলি উল্লেখ কৰি পুটিনে কয় যে এই ক্ষেপনাস্ত্ৰই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাছিয়াৰ গুৰুত্ব বৃদ্ধি কৰিব।