-->

পৰ্টুগালত ভয়াৱহ বনজুই: নিহত ৬৩

পৰ্টুগালত ভয়াৱহ বনজুই: নিহত ৬৩

পৰ্টুগালত সংঘটিত হৈছে এক ভয়াৱহ বনজুই। পৰ্টুগালৰ কম্ভ্রা চহৰৰ দক্ষিণ-পূব এলেকাত কালি ভয়াৱহ বনজুইত অতিকমেও ৬৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি কম্ভ্রা চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ পেড্ৰুগাৱ গ্ৰেণ্ডেলৈ আক্ৰান্ত এলেকাৰ লোকসকলে গাড়ীৰে পলায়ন কৰিছিল আৰু সেই সময়তে বহু কেইজন লোকে প্ৰাণ হেৰুৱাই। মৃত্যু লোকসকলৰ মৃতদেহ সমূহ গাড়ীৰ ভিতৰত আৰু গাড়ীৰ কাষত উদ্ধাৰ কৰিছে উদ্ধৰকাৰী দলে। পৰ্টুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিঅ' ক'ষ্টাই এক বিবৃতিত কয় যে এই দুৰ্যোগ দেশখনৰ শেহতীয়া দুৰ্যোগসমূহৰ মাজৰ আটাইতকৈ ভয়াৱহ আৰু শোকাৱাহ  ঘটনা।