-->

মেট্ৰ’কছম ৱেবচাইটৰ প্ৰতিবেদন: বিশ্বত জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বিপৰ্যয়

মেট্ৰ’কছম ৱেবচাইটৰ প্ৰতিবেদন: বিশ্বত জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ বিপৰ্যয়

বিশ্বত বৰ্তমান জনসংখ্যাৰ ভাৰসাম্যহীনতাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহত জনসংখ্যাৰ বিস্ফোৰণ আৰু পশ্চিমীয়া দেশবোৰত জনসংখ্যাৰ কম হোৱাৰ ফলত জনসংখ্যাৰ ভৰসাম্যহীনতাৰ বিপৰ্যয় আহি পৰিছে সমগ্ৰ বিশ্বতে। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যা হ'ল ৭৫০ কোটি। মেট্ৰ'কছম নামৰ ৱেবচাইটটোত প্ৰকাশ পোৱা মতে মেক্স গালকা নামৰ জনসংখ্যা বিশেষজ্ঞ এজনে আগবঢ়োৱা অনুসৰি বিশ্বৰ গৰিষ্ঠসংখ্যক লোক বাস কৰে চীন, ভাৰত জাপান আৰু দক্ষিণ পূব এছিয়াৰ বিভিন্ন প্ৰান্তত। ভাৰত আৰু চীনত প্ৰায় ১৩০ কোটিকৈ জনসংখ্যা আছে। মেক্সগালকাৰ তথ্য অনুসৰি আমেৰিকা, ৰাছিয়াৰ মুঠ জনসংখ্যাতকৈ বেছি লোক আছে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰত। জনসংখ্যাৰ এই ভাৰসাম্যহীনতা এতিয়া বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে বুলিও মেক্সগালকাই দাবী কৰিছে।