-->

কেথলিক খ্ৰীষ্টানৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ ম্যানমাৰ ভ্ৰমণ

কেথলিক খ্ৰীষ্টানৰ মুৰব্বী পোপ ফ্ৰান্সিছৰ ম্যানমাৰ ভ্ৰমণ

সংখ্যালঘু ৰহিংংগ‍্যা মুছলমান লোকৰ বিৰুদ্ধে পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগত বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হোৱা ম্যানমাৰৰ নেত্ৰী আং ছান চ্যু কীৰ সৈতে মিলিত হৈছে কেথলিক খ্ৰীষ্টান মুৰব্বী পোপ ফ্ৰান্সিছ । উল্লেখনীয় যে পোপ ফ্ৰান্সিছৰ ভ্ৰমণক কেন্দ্ৰ কৰি ম্যানমাৰত নৃগোষ্ঠীয় খৰিষ্টানসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে যদিও আন্তজাৰ্তিক সম্পতদায়ে ধৰ্মীয় নেতাগৰাকীৰ এই ভ্ৰমণক বিশেষ নজৰত ৰাখিছে । কাৰণ ৰহিংগ‍্যা মুছলমানৰ বিৰুদ্ধে ম্যানমাৰৰ সেনাই চলোৱা আতিশয্যৰ ফলত সম্প্ৰদায়টোৰ ছয় লক্ষাধিক লোকে প্ৰতিবেশী বাংলাদেশলৈ পলায়ন কৰিছে ।