-->

পোপ’ৰ চকুলো চলচলীয়া হল ৰহিংগা সৰণাৰ্থীক সাক্ষাৎ কৰি

পোপ’ৰ চকুলো চলচলীয়া হল ৰহিংগা সৰণাৰ্থীক সাক্ষাৎ কৰি

বাংলাদেশত থম ম্যানমাৰৰ ৰহিংগা শৰণাৰ্থীসকলক সাক্ষাৎ কৰাৰ পিছপত উচুপি উঠিছিল ভেটিকানৰ পোপ ফ্ৰান্সিছ । বাংলাদেশ ভ্ৰমণৰ সময়ত ৰহিংগা শৰণাৰ্থী সকলক সাক্ষাৎ কৰাৰ পিচতেই তেওঁ অনুভৱ কৰিছিল ম্যানমাৰৰ পৰা পলাই অহা এইসকল লোকৰ দুৰ্দশাৰ কথা । সৰণাৰ্থীসকলেও তেওঁলোকৰ দুৰ্দশা কথা বিৱৰি পোপৰ আগত উচুপি উঠিছিল । চাৰিদিনীয়া ম্যানমাৰৰ ভ্ৰমণ আৰু বাংলাদেশ ভ্ৰমণ সামৰি ৰোম অভিমুখে ৰাওনা হোৱাৰ সময়ত পোপ ফ্ৰান্সিছে প্ৰথমবাৰলৈ এই অনুভৱৰ কথা ব্যক্ত কৰে । তেওঁ কয়--ৰহিংগা সকলক নিনৰ ফালৰ পৰা কেনেধৰণে আশ্বাহ দিব সেই কথা ভাবিও বেদনা অনুভৱ কৰিছিল   কিন্তু বাংলাদেশে ৰহিংগা সকলক আশ্ৰয় দি যি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে, সেয়া অবিশ্বাস‍্য বুলিও কয় পোপে ।