-->

ইজৰাইলৰ বিৰুদ্ধে ক্ৰমান্বয়ে সশস্ত্ৰ বিপ্লৱৰ হুংকাৰ পেলেষ্টাইনৰ নাগৰিক

ইজৰাইলৰ বিৰুদ্ধে ক্ৰমান্বয়ে সশস্ত্ৰ বিপ্লৱৰ হুংকাৰ পেলেষ্টাইনৰ নাগৰিক

ইজৰাইলৰ ৰাজধানীৰূপে জেৰুজালেমক স্বীকৃতি দিয়াৰ পিচতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিৰুদ্ধে সমগ্ৰ পশ্চিম এছিয়াত ক্ষোভৰ বিস্ফোৰণ ঘটিছে। ইছলামিক সংগঠন হামাছে মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া ত্যাগ কৰি পেলেষ্টেইনবাসীক ইজৰাইলৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। ইজৰাইলী সেনাই হামাছ আৰু পেলেষ্টেইন নাগৰিকৰ ক্ষোভৰ উমান পাই ৱেষ্ট বেংকত নতুনকৈ সেনা নিয়োগ কৰিবলৈ বাধ্য হৈছে। গাজা ষ্ট্ৰীপৰ নিয়ন্ত্ৰণত থকা ইছলামিক সংগঠন হামাছে কালি গাজা ষ্ট্ৰীপত অনুষ্ঠিত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পথৰ ওপৰত টায়াৰ জ্বলাই ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে ধ্বনি দিয়ে। কালি ৱেষ্ট বেংক আৰু গাজা ষ্ট্ৰিপত হেজাৰোধিক পেলেষ্টেইনী নাগৰিকে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত ইজৰাইলী নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাত কমেও অৰ্ধ শতাধিক লোক আহত হয়।