-->

পাক প্ৰধানমন্ত্ৰী আব্বাচিৰ মন্তব্য: স্বাধীন কাশ্মীৰৰ কোনো বাস্তৱিকতা নাই

পাক প্ৰধানমন্ত্ৰী আব্বাচিৰ মন্তব্য: স্বাধীন কাশ্মীৰৰ কোনো বাস্তৱিকতা নাই

কাশ্মীৰ সমস্যা সমাধান নোহোৱা পৰ্য্ন্ত ভাৰত আৰু পাকিস্তান উত্তেজনাপূৰ্ণ হৈ থাকিব বুলি স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাচীয়ে। তেওঁ লগতে কয় যে ভাৰতৰ সৈতে যুদ্ধ কেতিয়াও বিকল্প নহয়। ভাৰতৰ সৈতে বিবাদমান কাশ্মীৰ সমস্যা আলোচনাৰ মাধ্যমেৰেহে সমাধান হোৱাৰ ইংগিত দিয়ে পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে। লণ্ডন স্কুল অব ইক'নমিকছৰ চাউথ এছিয়া চেণ্টাৰত শনিবাৰে এক সন্মিলনত অংশ লোৱাৰ সময়ত কাশ্মীৰ সমস্যা সমাধান নোহোৱালৈ ভাৰত-পাকিস্তানৰ উত্তেজনা অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। একে সময়তে স্বাধীন কাশ্মীৰৰ ধাৰণাৰ কোনো বাস্তৱ ভিত্তি নাই বুলিও জিঅ' টেলিভিছনৰ আগত ব্যক্ত কৰে আব্বাছীয়ে।