পাকিস্তানৰ ৰাষ্ট্ৰপতি চমু ভ্ৰমনসূচী লৈ উপস্থিত নেপালত

পাকিস্তানৰ ৰাষ্ট্ৰপতি চমু ভ্ৰমনসূচী লৈ উপস্থিত নেপালত

এক চমু ভ্ৰমণসূচী লৈ নেপালত উপস্থিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ আব্বাছি। সোমবাৰে এক বিশেষ বিমানযোগে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় নেপালত। উল্লেখ্য যে সম্প্ৰতি সন্ত্রাসবাদক প্ৰশ্ৰয় দি বিশ্বতে প্ৰায় এঘৰীয়া হোৱাৰ উপক্ৰম ঘটিছে পাকিস্তানৰ। এনে সময়তে নেপালৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে দেশখনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাটোৱে তাৎপৰ্য বহন কৰিছে। কিয়নো পাক সমৰ্থনপুষ্ট সন্ত্রাসবাদীৰ বাবে অস্ত্ৰ তথা ধন সৰবৰাহ আদিৰ অন্যতম কেন্দ্ৰবিন্দু হৈ উঠিছে নেপালৰ কাঠমাণ্ডু। ইফালে, দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায় নেপালৰ বিত্ত মন্ত্ৰী ডাঃ যুৱৰাজ খাটিৱাৰাই। উল্লেখ্য যে নেপালৰ প্ৰধানমন্ত্ৰীৰূপে অ'লিয়ে দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমজন বিদেশী প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ সৈতে বৈঠকত মিলিত হ'ব পাক প্ৰধানমন্ত্ৰীগৰাকী। একেদৰে তিনি বছৰৰ বিৰতিৰ অন্তত দেশখনত উপস্থিত হৈছে পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰী। সোমবাৰে নিশা পাক প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে এক বিশেষ আভ্যৰ্থনাৰ আয়োজন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰীয়ে।