-->

আমেৰিকাৰ লছ ভেগাছৰ সংগীত সমাৰোহত বন্দুকাধাৰীৰ নিৰ্বিচাৰ গুলিচালনা: নিহত ৫৮

আমেৰিকাৰ লছ ভেগাছৰ সংগীত সমাৰোহত বন্দুকাধাৰীৰ নিৰ্বিচাৰ গুলিচালনা: নিহত ৫৮

আমেৰিকাৰ লছ ভেগাছৰ মেণ্ডলে' বে' হোটেল কেছিনোৰ সমীপত এজন বন্দুকধাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলিচালনাৰ ঘটনাত কমেও ৫৮ জন লোক নিহত হোৱাৰ লগতে পাঁচশৰো অধিক লোক আহত হয়। হোটেলখনৰ ৩২ নম্বৰ মহলাৰ পৰা বন্দুকধাৰীজনে মুকলি আকাশৰ তলত আয়োজিত এখন সংগীত মহোৎসৱক লক্ষ্য কৰি গুলিচালনা কৰিছিল। বন্দুকধাৰীজনক ৬৪ বছৰীয়া স্থানীয় বাসিন্দা ষ্টিফেন পেডক বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে হোটেলত তেওঁৰ কোঠাত দৰ্জা ভাঙি প্ৰৱেশ কৰে যদিও তেওঁক মৃত অৱস্থাতহে পায়। স্থানীয় সংবাদ মাধ্যমৰ পৰা জানিব পৰা অনুসৰি বন্দুকধাৰীজনে আত্মহত্যা কৰে। বন্দুকধাৰীজনে এই ঘটনা সংঘটিত কৰাৰ কোনো নিৰ্দিষ্ট কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই। তেওঁ থকা হোটেলৰ কোঠাৰ পৰা দহটাকৈ বন্দুক উদ্ধাৰ কৰা হয়। উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত সংগীত উৎসৱৰ অনুষ্ঠানটোত প্ৰায় ২২ হেজাৰ লোক উপস্থিত আছিল। আনহাতে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আধুনিক আমেৰিকাৰ ইতিহাসত এইটো সবাতোকৈ ভয়াৱহ বন্দুকধাৰীৰ গুলিচালনাৰ ঘটনা হিচাপে চিহ্নিত হৈছে। লাছ ভেগাছ মেট্ৰ'পলিটান আৰক্ষী বিভাগৰ মতে, এই ঘটনাত অন্য কোনো বন্দুকধাৰী জড়িত নাই।