-->

ভাৰতৰ বিৰুদ্ধে ভাবুকিস্বৰূপ হ’ব পাৰে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ

ভাৰতৰ বিৰুদ্ধে ভাবুকিস্বৰূপ হ’ব পাৰে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ

উত্তৰ কোৰিয়াই সম্পন্ন কৰি অহা পাৰমাণৱিক পৰীক্ষা তথা পাৰমাণৱিক অস্ত্ৰ প্ৰতিযোগিতা ভাৰতৰ বাবে ডাঙৰ ভাবুকি হ'ব পাৰে। ভাৰতীয় বিশেষজ্ঞ মহলে এই কথা প্ৰকাশ কৰি লগতে কয় যে পাৰমাণৱিক শক্তি হিচাপে উত্তৰ কোৰিয়াৰ উত্থানৰ অন্তৰালত আছে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তান। ভাৰতীয় বিশেষজ্ঞসকলৰ মতে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক কাৰ্যসূচীৰ পাকিস্তান আৰু চীনৰ সহযোগিতাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিচাৰ্যৰ বিষয়। ভাৰতৰ দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰই উত্তৰ কোৰিয়াক সহায় কৰি আহিছে আৰু সেয়ে এই ৰাষ্ট্ৰখনে কেতিয়াও ভাৰতক সু-দৃষ্টিৰে চোৱাৰ সম্ভাৱনা নাই। ভৱিষ্যতে যিকোনো পৰিৱেশ আৰু পৰিস্থিতিত ভাৰতৰ বিৰুদ্ধে অৱস্থান লোৱা পাকিস্তান আৰু চীনক সহায় কৰিব পাৰে উত্তৰ কোৰিয়াই। উল্লেখনীয় যে উত্তৰ কোৰিয়াৰ পৰা অহা বিপদ সন্দৰ্ভত অহা ১৬ জানুৱাৰীত আমেৰিকা, কানাডা, ফ্ৰান্স, দক্ষিণ কোৰিয়া আৰু জাপান আলোচনাত মিলিত হ'ব আৰু এই বৈঠকত ভাৰতেও অংশ লোৱাৰ প্ৰস্তুতি চলাইছে।