-->

আমেৰিকাক-বিশ্ব সম্প্ৰদায়ক প্ৰত্যাহ্বান জনাই উত্তৰ কোৰিয়াৰ বৃহৎ হাইড্ৰজেন বোমা বিস্ফোৰণ

আমেৰিকাক-বিশ্ব সম্প্ৰদায়ক প্ৰত্যাহ্বান জনাই উত্তৰ কোৰিয়াৰ বৃহৎ হাইড্ৰজেন বোমা বিস্ফোৰণ

আমেৰিকা আৰু ইয়াৰ মিত্ৰ বাহিনীক প্ৰত্যাহ্বান জনাই উত্তৰ কোৰিয়াই কালি সম্পন্ন কৰিলে ষষ্ঠটো শক্তিশালী পাৰমাণৱিক সম্পৰীক্ষা। উত্তৰ কোৰিয়াৰ কিলজু প্ৰদেশৰ ভূ-গর্ভত কালি দেশখনে সম্পন্ন কৰে শক্তিশালী হাইড্ৰজেন বোমাৰ বিস্ফোৰণ। যি বিস্ফোৰণৰ ফলত সৃষ্টি হয় ৬.৩ প্ৰাবল্যৰ ভূঁইকপ। উত্তৰ চীন পৰ্যন্ত কঁপনি উঠা এই জোকাৰণিৰ পিছতেই দক্ষিণ কোৰিয়া আৰু জাপানে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সম্পৰীক্ষাৰ কাৰ্যকলাপ ধৰা পেলায়। ইয়াৰ পিছতেই উত্তৰ কোৰিয়াই কালিৰ এই পৰীক্ষণমূলক বিস্ফোৰণ সফলভাৱে সম্পন্ন হোৱা বুলি প্ৰকাশ কৰে। দেশখনে বিস্ফোৰণ সম্পন্ন কৰা এই হাইড্ৰজেন বোমা দীৰ্ঘ দূৰত্বৰ লক্ষ্যভেদ কৰিব পৰা ক্ষেপনাস্ত্ৰত সংযোগ কৰিব পাৰিব বুলিও ব্যক্ত কৰে। পাৰমাণৱিক সম্পৰীক্ষা প্ৰকল্পটোত ৰাষ্ট্ৰপতি কিম জং উনৰ উপস্থিতিত এই হাইড্ৰজেন বোমাৰ পৰীক্ষা সম্পন্ন কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ক্ষেত্ৰত বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰা বুলি দেশখনৰ সংবাদ প্ৰতিষ্ঠানৰ তথ্যত প্ৰকাশ পাইছে।