উত্তৰ কোৰিয়াৰ আমেৰিকাক কটাক্ষ : আলোচনাৰ বাবে ভিক্ষা খোজা নাই উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াৰ আমেৰিকাক কটাক্ষ : আলোচনাৰ বাবে ভিক্ষা খোজা নাই উত্তৰ কোৰিয়াই

চৰ্তহীনভাৱে আমেৰিকাৰ সৈতে আলোচনাৰ বাবে ৰাজী হৈছে উত্তৰ কোৰিয়া। পিয়ংয়ঙত দেশখনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ এজনে এই কথা প্ৰকাশ কৰে। আমেৰিকাৰে আলোচনাৰ বাবে সাজু থাকিলেও উত্তৰ কোৰিয়াই মাৰ্কিন সন্য অভিযানলৈ ভয় নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। 'আমেৰিকাৰ সৈতে আলোচনা হ'ব লাগে বুলি আমি ভিক্ষা খোজা নাই। তদুপৰি আমাৰ বিপক্ষে আমেৰিকাই সৈন্য অভিযান চলাব পাৰে বুলিও আমাৰ কোনো সংশয় নাই' - মুখপাত্ৰজনে এনেদৰে কয়। স্মৰ্তব্য যে অলপতে আমেৰিকাৰ, উত্তৰ কোৰিয়া আৰু চীন সহিতে ছখন দেশৰ ২৭ টা শ্বিপিং কোম্পানী আৰু ২৮ খন যুদ্ধ জাহাজৰ বিপক্ষে নিষেধাজ্ঞা আৰোপ কৰিছিল। এই ঘটনাৰ পাছতে উত্তৰ কোৰিয়াই আলোচনাৰ বাবে নিজৰ আগ্ৰহ প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছিল।