-->

উত্তৰ কোৰিয়াৰ পুনৰ সকীয়নি : আমেৰিকাৰ ভৱিষ্যত বিপদাপন্ন হ’ব

উত্তৰ কোৰিয়াৰ পুনৰ সকীয়নি : আমেৰিকাৰ ভৱিষ্যত বিপদাপন্ন হ’ব

উত্তৰ কোৰিয়াৰ বিষয়ে পুহি ৰখা নেতিবাচক ধাৰণা পৰিহাৰ নকৰিলে আমেৰিকাৰ ভৱিষ্যত বিপদাপন্ন হ'ব। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক উত্তৰ কোৰিয়াই এইদৰে সকীয়নি প্ৰদান কৰিছে। উত্তৰ কোৰিয়াত মানৱ অধিকাৰৰ ব্যাপক উলংঘন হৈ থকা বুলি মাৰ্কিন ৰাষ্ট্ৰপতিজনে দিয়া ভাষণৰ পিছতেই পিয়ংয়াঙে এইদৰে প্ৰতিক্ৰিয়া দিছে। উত্তৰ কোৰিয়াৰ আভ্যন্তৰীণ বিষয়ক লৈ আমেৰিকাই মূৰ ঘমোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি পিয়ংয়াঙে কয় যে আমেৰিকাই অনাহকতে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ভুল ধাৰণা পোষণ কৰি আছে। 'দৰাচলতে উত্তৰ কোৰিয়াৰ শক্তি দেখি আমেৰিকা ভয়ত পেপুৱা লাগিছে। সেয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে আবোল-তাবোল বকিবলৈ ধৰিছে' -পিয়ংয়াঙে এনেদৰে কয়।