-->

কাইলৈ চীন-ম্যানমাৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোডী: শেহতীয়া সীমা বিবাদৰ লগতে ব্ৰহ্মপুত্ৰৰ নদীবান্ধক লৈ আলোচনাৰ সম্ভাৱনা

কাইলৈ চীন-ম্যানমাৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোডী: শেহতীয়া সীমা বিবাদৰ লগতে ব্ৰহ্মপুত্ৰৰ নদীবান্ধক লৈ আলোচনাৰ সম্ভাৱনা

ডোকলামৰ সীমা বিবাদৰ অন্ত পৰাৰ লগে লগেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ চীনলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীয়ে কাইলৈৰ পৰা ৫ ছেপ্টেম্বৰলৈ চীনৰ ফুজিয়ান প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডী ম্যানমাৰলৈ যাব। ৭ ছেপ্টেম্বৰলৈ ম্যানমাৰ ভ্ৰমণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ এইবাৰৰ বিদেশ ভ্ৰমণ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ৰ এটা শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, নৱম ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙৰ সৈতেও এখন বৈঠকত মিলিত হ'ব। অৱশ্যে চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰপতিজনৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে কি কি বিষয় লৈ আলোচনা কৰিব সেয়া এতিয়াও নিৰ্দিষ্ট হোৱা নাই যদিও দেশৰ কেইবাটাও জলন্ত সমস্যাৰ সন্দৰ্ভত তেওঁ আলোচনাত মিলিত হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।