-->

ভাৰতৰ বৰ্ধিত প্ৰভাৱে গুৰুত্ব কমাব চীনৰ

ভাৰতৰ বৰ্ধিত প্ৰভাৱে গুৰুত্ব কমাব চীনৰ

ছাংঘাই সহযোগ সংগঠন (এছ চি অ')ৰ প্ৰস্তাৱিত বৈঠকক লৈ চীনৰ বিশেষজ্ঞ চিন্তিত হৈ পৰিছে। এছ চি অ'ত ভাৰতৰ প্ৰবেশৰ পিচত সংস্থাটোৱে চীনৰ আধিপত্য পূৰ্বৰ দৰে বৰ্তি নাথাকিব বুলি আশংকা কৰিয়েই বিশেষজ্ঞসকল এনেদৰে উদ্বিগ্ন হৈ উঠিছে। মন কৰিবলগীয়া যে ভাৰতে চীনৰ ৱান বেল্ট ৱান ৰ'ড আঁচনিৰ আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছিল। এছ চি অ'ত প্ৰৱেশৰ পিচত ভাৰতৰ এনে বিৰোধিতা আৰু অধিক প্ৰবল হোৱাৰ সম্ভাৱনা আছে আৰু এছ চি অ'ৰ অন্তৰ্ভুক্ত অন্যান্য ৰাষ্ট্ৰয়ো ভাৰতৰ পক্ষত থিয় দিয়াৰ অৱকাশ আছে। চীনৰ বিশেষজ্ঞসকলৰ চিন্তাৰ কাৰণো সেয়াই।