-->

আছিয়ান বৈঠকত মাৰ্কিন, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতে পাতে ৰণনৈতিক পদক্ষেপ

আছিয়ান বৈঠকত মাৰ্কিন, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতে পাতে ৰণনৈতিক পদক্ষেপ

ফিলিপাইনছৰ ৰাজধানী চহৰখনত অনুষ্ঠিত আছিয়ান শীৰ্ষ সন্মিলনৰ আঁৰ লওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াক লৈ বিশ্ব ৰাজনীতিত এক নতুন সমীকৰণ সূত্ৰপাত হৈছে । এই চাৰি ৰাষ্ট্ৰক লৈ গঠন হোৱাৰ দিশত এক বিশাল নিৰাপত্তা চতুৰ্ভুজ গঠন একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । ভাৰত মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰ বুস্তৃত এই চতুৰ্ভুজ গঠনৰ লক্ষ যে চীনৰ ক্ৰমবৰ্ধিত শক্তিক প্ৰতিৰোধ কৰা তাত সন্দেহ নাই ।  দেওবাৰে মেলিনাত আছিয়ান শীৰ্ষ সন্মিলনৰ মাজতে মিলিত হয় ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ কূটনীতিবিধসকল । বৈঠকৰ অন্তত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে যৌথ লক্ষ্য পূৰণ আৰু প্ৰত্যাহ্বান মুকাবিলা কৰাৰ উদ্দেশ্যৰেই চাৰি ৰাষ্ট্ৰৰ মাজত আলোচনা অনুষ্ঠিত হয় । প্ৰকৃততে চাৰি ৰাষ্ট্ৰৰ বৈঠকৰ জৰিয়তে চীনক এই বার্তাই দিয়া হৈছে যে ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰীয়া এলেকাত চীনৰ দোপদপনি সহ্য কৰা নাযাব ।