-->

ইৰাক-ইৰানৰ সীমান্তত ভয়ংকৰ ভূমিকম্প: ভূমিকম্পত প্ৰায় ৪ শতাধিক লোকৰ মৃত্যু

ইৰাক-ইৰানৰ সীমান্তত ভয়ংকৰ ভূমিকম্প: ভূমিকম্পত প্ৰায় ৪ শতাধিক লোকৰ মৃত্যু

ইৰাক-ইৰান সীমান্তত যোৱা নিশা হোৱা প্ৰলয়ংকাৰী ভূমিকম্পত অতি কমেও ৪০০ জনৰ মৃত্যু হোৱাৰ লগতে আন কেইবাহাজাৰ লোক আহত হয়। ইৰানৰ এটা প্ৰতিষ্ঠানৰ মতে ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.৩ আৰু ভূমিকম্পত গৃহহীন হৈ পৰিছে প্ৰায় ৭০ হেজাৰ লোক। এই ভূমিকম্পত কেইবাখনো চহৰ বিধ্বস্ত হয় আৰু অধিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ইৰানৰ কাৰমানশ্বাহ প্ৰদেশখন। সীমান্তৰ পৰা ১৫ কিলোমিটাৰ আঁতৰৰ ছাৰপল-ই-জাহাৰ নগৰখনত বহু লোকৰ মৃত্যু হয়। ইৰাকৰো বহুকেইখন চহৰ এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হয়। ভূমিকম্পই বাগদাদ চহৰখনকো জোকাৰি যায় আৰু আতংকিত লোকসকলে ঘৰৰ বাহিৰলৈ আহি মুকলি ঠাইত আশ্ৰয় লয়হি। মাৰ্কিন ভূতাত্ত্বিক জৰীপ বিভাগটোৰ মতে নিশা ৮.১৮ বজাত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল দক্ষিণ-পশ্চিম চহৰ হালাবজাৰৰ ওচৰত। ইৰাকৰ ফালে সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় জৰবান্দিখান চহৰত।