-->

উত্তৰ কোৰিয়াৰ হেকাৰে আমেৰিকা-দক্ষিণ কোৰিয়াৰ যুদ্ধৰ ২৩৫ গিগাবাইট পৰিমাণৰ তথ্য নিলে সেনাৰ তথ্য কেন্দ্ৰৰ পৰা

উত্তৰ কোৰিয়াৰ হেকাৰে আমেৰিকা-দক্ষিণ কোৰিয়াৰ যুদ্ধৰ ২৩৫ গিগাবাইট পৰিমাণৰ তথ্য নিলে সেনাৰ তথ্য কেন্দ্ৰৰ পৰা

উত্তৰ কোৰিয়াৰ হেকাৰে দেশখনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই গ্ৰহণ কৰা যুদ্ধ আঁচনি সম্পৰ্কীয় বৃহৎ পৰিমাণৰ তথ্য চুৰ কৰিছে। চুৰ কৰা তথ্যসমূহৰ ভিতৰত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক হত্যা কৰাৰ ষড়যন্ত্ৰৰ আঁচনিও আছে। এই দাবী কৰিছে দক্ষিণ কোৰিয়াৰ জনপ্ৰতিনিধি ৰী চিউল-হীয়ে। দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্যৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে চিউল-হীয়ে। উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আমেৰিকা আৰু দক্ষিণ কোৰিয়াই গ্ৰহণ কৰিবলগীয়া যুদ্ধকালীন তৎপৰতাৰ আঁচনিকে ধৰি বহু গুৰুত্বপূৰ্ণ তথ্য হেকাৰে হস্তগত কৰিছে। দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱশ্যে এই সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিছে। চুৰ কৰা তথ্যসমূহৰ ভিতৰত উত্তৰ কোৰিয়াৰ গুৰুত্বপূৰ্ণ শক্তি প্ৰকল্প আৰু সেনা ঘাটিসমূহৰ তথ্যও আছে। চিউল-হীয়ে সদৰী কৰামতে হেকাৰে দক্ষিণ কোৰিয়াৰ ডিফেন্স ইনটিগ্ৰেটেড ডাটা চেণ্টাৰৰ পৰা ২৩৫ গিগাবাইট পৰিমাণৰ সামৰিক তথ্য চুৰি কৰিছে। এই চুৰিকাৰ্য যোৱা বছৰ ছেপ্টেম্বৰত সংঘটিত হৈছিল বুলি এটা সূত্ৰই প্ৰকাশ কৰে। যোৱা মে' মাহত দক্ষিণ কোৰিয়াই বৃহৎ পৰিমাণৰ তথ্য চাইবাৰ আক্ৰমণৰ জৰিয়তে চুৰ কৰা হৈছিল বুলি প্ৰকাশ কৰিছিল।