অৱশেষত অভিযান সামৰিব মালায়েছিয়াৰ সন্ধানহীন বিমানৰ

অৱশেষত অভিযান সামৰিব মালায়েছিয়াৰ সন্ধানহীন বিমানৰ

মালায়েছিয়াৰ সন্ধানহীন বিমানখন বিচাৰি অব্যাহত ৰখা অভিযান অহা জুন মাহত বন্ধ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ এটা প্ৰতিষ্ঠানে অব্যাহত ৰখা মালায়েছিয়াৰ ৩৭০ বিমানখনৰ বৰ্তমানলৈ কোনো সম্ভেদ নোপোৱাত অহা জুন মাহত প্ৰতিষ্ঠানটোৱে অভিযান বন্ধ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে বিশ্বৰ বৃহত্তম এই বিমান ৰহস্যৰ পিছত সন্ধানহীন বিমানখনৰ যাত্ৰীৰ পৰিয়ালবৰ্গই চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্তুতি চলাইছে। উল্লেখ্য যে উক্ত বিমানখন সন্ধানহীন হোৱাৰ এবছৰৰ পিচত আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে বিভিন্ন প্ৰান্তত বিচাৰি অভিযান অব্যাহত ৰাখিছিল।