-->

ইছলামাবাদত দ্বিতীয় দিনলৈ অব্যাহত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষ

ইছলামাবাদত দ্বিতীয় দিনলৈ অব্যাহত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষ

দেওবাৰে দ্বিতীয় দিনৰ বাবেও পাকিস্তানৰ ৰাজধানী চহৰৰ উপকণ্ঠত ইছলামিক দলীয় কৰ্মী আৰু নিৰাপত্তাবাহিনীৰ সংঘাত অব্যাহত থাকে। ইছলামিক প্ৰতিবাদকাৰীসকলে দুসপ্তাহৰো অধিক সময় ধৰি অধিগ্ৰহণ কৰি থকা স্থানৰ পৰা আঁতৰি যাবলৈ অস্বীকাৰ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত শনিবাৰে ছজন লোকৰ মৃত্যু হৈছিল। কেইবা হাজাৰো আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীয়ে কঠোৰপন্থী ধৰ্মীয় প্ৰতিবাদীসকলক আঁতৰাই পঠিওৱাৰ চেষ্টা চলাওঁতে দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। প্ৰতিবাদীসকলে ৰাৱালপিণ্ডিৰ পৰা ইছলামাবাদ অভিমুখী ঘাইপথ অৱৰোধ কৰি ৰখাত উদ্ভৱ হৈছিল সমস্যাৰ। শনিবাৰে নিৰাপত্তা বাহিনীৰ অভিযানত ১২৫ জনৰো অধিক লোক আহত হোৱা বুলি কোৱা হৈছে।