-->

হাৰ্ভিৰ পাৰ্শ্বক্ৰিয়া: টেক্সাছৰ ৰাসায়নিক প্ৰকল্পত বিস্ফোৰণ

হাৰ্ভিৰ পাৰ্শ্বক্ৰিয়া: টেক্সাছৰ ৰাসায়নিক প্ৰকল্পত বিস্ফোৰণ

হাৰ্ভি নামৰ বা-মাৰলীয়ে আমেৰিকাৰ টেক্সাছ ৰাজ্যত কালি দ্বিতীয়বাৰৰ বাবে খুন্দা মাৰে আৰু মুহূৰ্ততে গতিপথ সলাই লুজিয়ানা ৰাজ্যৰ ফালে অগ্ৰসৰ হয়। ফলত দুয়োখন ৰাজ্যত প্ৰবল ক্ষয়-ক্ষতি, বৰষুণ আৰু বানপানী হয়। টেক্সাছত অৰ্ধ-শতিকাৰ ভিতৰত হোৱা এই প্ৰচণ্ড বা-মাৰলীত ৩০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোকে নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। টেক্সাছৰ ক্ৰছবি নগৰত প্লাৱিত ৰাসায়নিক প্ৰকল্প এটাত দুটা বিস্ফোৰণ হয় আৰু তাৰ পৰা ক'লা ধোঁৱা ওলায়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কৰ্তৃপক্ষসমূহে প্ৰকল্পটোৰ তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল এটাৰ পৰা লোকসকলক স্থানান্তৰৰ নিৰ্দেশ দিয়ে। আনহাতে প্রকল্পটোৰ ভিতৰত কাম কৰি থকা লোকসকলকো বাহিৰলৈ উলিয়াই অনা হয়।