-->

জাপানত অহা ২২ অক্টোবৰত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ ১২ দিনীয়া প্ৰচাৰ অভিযান আৰম্ভ

জাপানত অহা ২২ অক্টোবৰত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ ১২ দিনীয়া প্ৰচাৰ অভিযান আৰম্ভ

জাপানত অহা ২২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিম্ন সদনৰ নিৰ্বাচনৰ বাবে কালিৰে পৰা আৰম্ভ হৈছে প্ৰচাৰ অভিযান। অহা ১২ দিনলৈ চলিবলগীয়া এই প্ৰচাৰ অভিযানৰ বাবে কালি ৰাজপথত ভিৰ কৰে শতাধিক প্ৰাৰ্থীয়ে। ৬৪৫ খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ পিচতে জাপানত সুস্থিৰতা বিৰাজ কৰিব বুলি কালি নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰি ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্বিনজো এবেই। লক্ষণীয় যে উত্তৰ কোৰিয়াৰ সৈতে সংঘাত অব্যাহত থকাৰ সময়তে আভ্যন্তৰীণ নিৰাপত্তা কটকটীয়া কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰী এবেই মধ্যৱৰ্তী সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল।