-->

চীনৰ বিশেষজ্ঞৰ দাবী: ভাৰতে চীন আক্ৰমণৰ পৰিকল্পনা চলাইছে

চীনৰ বিশেষজ্ঞৰ দাবী: ভাৰতে চীন আক্ৰমণৰ পৰিকল্পনা চলাইছে

ছিকিমৰ ভাৰত-চীন সীমান্তৰ ডোকলাম আৰু শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ টুটিঙত চীনে আগ্ৰাসন চলোৱাৰ সময়তে একাংশ চীনা সামৰিক বিশ্লেষকে ভাৰতক আক্ৰমণাত্মক সজাবলৈ তৎপৰ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভাৰতে চলোৱা বিভিন্ন আন্তঃগাঁথনি উন্নয়নমূলক কাম-কাজক এই বিশ্লেষকসকলে ভাৰতৰ চীন আক্ৰমণৰ প্ৰস্তুতি বুলি ধাৰণা দিয়াৰ চেষ্টা চলাইছে। অৰুণাচল প্ৰদেশক বিবাদমান এলেকা আখ্যা দি অহা চীনৰ মতে ভাৰতে পথ নিৰ্মাণ কৰি আগ্ৰাসন চলাইছে। চীন চৰকাৰৰ নিয়ন্ত্ৰণাধীন সংবাদপত্ৰ 'গ্ল'বেল টাইমছে' প্ৰকাশ কৰা বাতৰিত সামৰিক আৰু ৰাজনৈতিক বিশেষজ্ঞৰ উদ্ধৃতি দি কোৱা হৈছে যে ভাৰত-চীন সীমান্তত ভাৰতে পথ নিৰ্মাণ কৰা কাৰ্য্য যুদ্ধ প্ৰস্তুতিৰে লক্ষণ। এই অনুপ্ৰৱেশ সন্দৰ্ভত কালি চীনা বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গেংচুৱাঙে কয় যে অৰুণাচল প্ৰদেশক চীনে কেতিয়াও স্বীকৃতি দিয়া নাই।