চীনৰ প্ৰতিৰক্ষা বাজেট ৮.১ শতাংশলৈ বৃদ্ধি

চীনৰ প্ৰতিৰক্ষা বাজেট ৮.১ শতাংশলৈ বৃদ্ধি

চলিত বছৰত চীনৰ প্ৰতিৰক্ষা বাজেট ৮.১ শতাংশ বৃদ্ধি পালে। সোমবাৰে দাখিল কৰা বাজেট প্ৰতিবেদন অনুসৰি বিগত বছৰৰ প্ৰতিৰক্ষা বাজেট ভাৰতৰ প্ৰতিৰক্ষা বাজেটৰ তিনিগুণৰ অধিক আছিল। এনেদৰে প্ৰায় প্ৰতি বছৰে চীনে প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰা ঘটনাতো ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সোমবাৰে দাখিল কৰা বাজেট প্ৰতিবেদন অনুসৰি চীনৰ ২০১৮ বৰ্ষৰ প্ৰতিৰক্ষা বাজেট হৈছে ১১১০ কোটি ইউৱান (১৬৫ বিলিয়ন ডলাৰ)। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ প্ৰায় ১১,৩৭৫ বিলিয়ন টকাৰো অধিক।