চীনৰ সকীয়নি : ব্যৱসায়িক যুজঁ চলালে পৰিণাম ভুগিব লাগিব

চীনৰ সকীয়নি : ব্যৱসায়িক যুজঁ চলালে পৰিণাম ভুগিব লাগিব

ৱাশ্বিংটনে ব্যৱসায়িক যুজঁ আৰম্ভ কৰিলে আমেৰিকাই তাৰ পৰিণাম ভুগিবলৈ সাজু থকা উচিত। চীনে দেওবাৰে এইদৰে সকীয়নি দিলে। চীনৰ নেচনেল পিপলছ কংগ্ৰেছৰ মুখপাত্ৰ জেং যেছ্যুয়ে কয় যে চীনে আমেৰিকাৰ সৈতে কোনো ধৰণৰ ব্যৱসায়িক যুদ্ধ বিচৰা নাই। পিছে চীনৰ এনে সহণশীল স্থিতিক আমেৰিকাই বেইজিঙৰ দুৰ্বলতা বুলি গণ্য কৰি ব্যৱসায়িক যুজঁ চলাব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে। 'ভুল সিদ্ধান্ত আৰু ভুল ধাৰণাৰ আধাৰত গ্ৰহণ কৰা নীতিয়ে নিশ্চিতভাৱে আমেৰিকাক শ'লঠেকত পেলাব। এই বিষয়ে মাৰ্কিন প্ৰশাসন সচেতন হৈ থকা ভাল' - তেওঁ এনেদৰে কয়।