-->

ভাৰতক শ’লঠেকত পেলাবলৈ চীনৰ নতুন কৌশল অৱলম্বন : শ্ৰীলংকাক সকলো প্ৰকাৰে সহায় কৰিব চীনে

ভাৰতক শ’লঠেকত পেলাবলৈ চীনৰ নতুন কৌশল অৱলম্বন : শ্ৰীলংকাক সকলো প্ৰকাৰে সহায় কৰিব চীনে

শ্ৰীলংকাৰে মধুৰ সম্পৰ্ক গঢ়িবলৈ আগ্ৰহী চীন। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে নিজে এই কথা প্ৰকাশ কৰিছে। জিংপিঙে কয় যে দক্ষিণ এছিয়াৰ ৰাজনীতিত শ্ৰীলংকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চীনে শ্ৰীলংকাক এৰি থাকিব নোৱাৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিজনে কয় যে কলম্বোক সকলো প্ৰকাৰে সহায়-সহযোগ কৰাৰ বাবে বেইজিং প্ৰতিশ্ৰুতিবদ্ধ। ব্ৰিটিছ শাসনৰ পৰা লাভ কৰা স্বাধীনতাৰ ৭০ বছৰ পূৰ্তি উপলক্ষে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপাল ছিৰিসেনালৈ প্ৰেৰণ কৰা এখন পত্ৰত জিংপিঙে কয় যে ভৱিষ্যতে চীন-শ্ৰীলংকাৰ সম্পৰ্কক নতুন মাত্ৰা দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন কৰিবলগীয়া যে বেইজিঙে ভাৰত মহাসাগৰত মেৰিটাইম ছিল্ক ৰোড প্ৰকল্প গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাৰতে তীব্ৰ বিৰোধিতা কৰিছে। এই প্ৰকল্পই ভাৰতৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বান বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ এনে প্ৰতিৰোধ দেখি চীনে শ্ৰীলংকাক লগত লৈ আগবাঢ়ি যাব বিচাৰিছে।