-->

পাকিস্তানক আচৰিত কৰি চীনে হঠাৎ পুঁজি বন্ধ কৰিলে চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰলৈ

পাকিস্তানক আচৰিত কৰি চীনে হঠাৎ পুঁজি বন্ধ কৰিলে চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰলৈ

বহুচর্চিত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰলৈ যোগান ধৰি থকা পুঁজি হঠাতে বন্ধ কৰিলে চীনে। বন্ধু ৰাষ্ট্ৰখনৰ এনে সিদ্ধান্তত হচকিত হৈ পৰিছে পাকিস্তান। ইতিমধ্যে এই অৰ্থনৈতিক কৰিডৰৰ অংশস্বৰূপে তিনিটা বৃহৎ পথ প্ৰকল্পৰ কাম চলি আছিল। এই পথকেইটা নিৰ্মাণৰ বাবে পুঁজি যোগান ধৰি আছিল চীনে। কিন্তু মঙলাবাৰে চীন আৰু পাকিস্তানৰ প্ৰতিনিধিবৰ্গৰ মাজত হোৱা এক আলোচনাৰ মাজতে চীন প্ৰশাসনৰ উক্ত সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হয়। স্বাভাৱিকতে বন্ধু ৰাষ্ট্ৰৰ এনে পদক্ষেপত বিব্ৰত হৈ পৰিছে পাকিস্তান। কিহৰ বাবে হঠাতে উক্ত প্রকল্পলৈ পুঁজি অবন্টন বন্ধ কৰিলে, সেয়া অৱশ্যে স্পষ্ট হোৱা নাই। পুঁজি আবন্টন বন্ধ কৰাৰ ঘোষণা কৰি বেইজিং মহলে লগতে কয় যে উক্ত প্ৰকল্পলৈ পুনৰ পুঁজি আবন্টনৰ ক্ষেত্ৰত বৰ্তমানৰ নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন ঘটোৱা হ'ব। তাৰ পিছতহে পুঁজি আবন্টনৰ বিষয়টো বিবেচনা কৰিব চীনে। মন কৰিবলগীয়া যে এই ব্যয়বহুল প্রকল্পক লৈ আৰম্ভণিৰ পৰাই বিৰোধিতা কৰি আহিছে ভাৰতে। কিয়নো এই কৰিডৰ যাব পাক অধিকৃত কাশ্মীৰৰ মাজেৰে। কিন্তু এনে বিৰোধিতাৰ পিচতহে উক্ত প্ৰকল্প ৰূপায়ণৰ বাবে পাকিস্তানক পুঁজিৰ যোগান ধৰি আহিছিল চীনে।