-->

চীনৰ কাৰখানাত বিস্ফোৰণ

চীনৰ কাৰখানাত বিস্ফোৰণ

চীনৰ পূব প্ৰান্তৰ বন্দৰ চহৰ নিংবোত কালি পুৱাৰ ভাগতে সংঘটিত এক বিস্ফোৰণত কমপক্ষেও দুজন লোক নিহত হোৱাৰ লগতে আন ৩০গৰাকী গুৰুতৰভাৱে আহত হৈছে । স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, পুৱা ৯ বজাত এটা কাৰখানাত সংঘটিত হৈছে এই বিস্ফোৰণটো । বিস্ফোৰণৰ ফলত চহৰ খনৰ জিয়াংবেই জিলাৰ কেইবাটাও সমীপৱৰ্তী প্ৰাসাদ বিধ্বস্ত হৈছে । সংবাদ সংস্থা জিংহুৱাৰ প্ৰতিবেদন অনুসৰি, আহত লোক সকলক স্থানীয় হস্পিতালত চিকিৎসা প্ৰদান কৰাৰ লগতে বিস্ফোৰণস্থলীৰ উদ্ধাৰ অভিযান চলাই থকা হৈছে ।