উত্তৰ কোৰিয়াৰ নিজৰ আকাশতে ধ্বংসপ্ৰাপ্ত হ’ল ক্ষেপনাস্ত্ৰ

উত্তৰ কোৰিয়াৰ নিজৰ আকাশতে ধ্বংসপ্ৰাপ্ত হ’ল ক্ষেপনাস্ত্ৰ

পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰ পৰীক্ষাৰে সমগ্ৰ বিশ্বক আতংকিত কৰি তোলা উত্তৰ কোৰিয়া নিজেই এটা অঘটনৰ সন্মুখীন হয়। দেশখনে উৎক্ষেপন কৰা ৱাচং-১২ নামৰ মধ্য দূৰত্বভেদী বেলিষ্টিক ক্ষেপনাস্ত্ৰটো উৎক্ষেপনৰ কেইমিনিটমানৰ পিচতে দেশখনৰ এখন মহানগৰৰ আকাশমাৰ্গত ধ্বংস হয়। আন এটা তথ্যমতে, পিয়ংয়াঙৰ পৰা ৯০ মাইল উত্তৰৰ ট'কচন মহানগৰত ক্ষেপনাস্ত্ৰটো ধ্বংস হয়। 'ডিপ্লোমেট মেগাজিন'ৰ বাতৰি অনুসৰি ক্ষেপনাস্ত্ৰটোৰ আঘাতত মহানগৰখনৰ ঔদ্যোগিক আৰু কৃষি এলেকাৰ ব্যাপক ক্ষতি হয়। আমেৰিকা চৰকাৰৰ সূত্ৰ অনুসৰি যোৱা বছৰৰ ২৮ এপ্ৰিলত পাকচাঙৰ পৰা উৎক্ষেপন কৰা ক্ষেপনাস্ত্ৰটো প্ৰায় ৪৩ মাইল উচ্চতাত উত্তৰ পূৱ দিশে ২৪ মাইল দূৰত্ব যোৱাৰ পিচতে বিজুতিৰ সন্মুখীন হৈছিল। উৎক্ষেপনৰ প্ৰথম মিনিটতে প্ৰথম পৰ্যায়ৰ ইঞ্জিনটো বিকল হোৱা বুলি সূত্ৰটোৱে দাবী কৰে। ক্ষেপনাস্ত্ৰটোৰ আঘাতত কোনো লোক হতাহত হোৱাৰ তথ্য এইপৰ্যন্ত স্পষ্ট হোৱা নাই।