-->

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি অ’বামাৰ মন্তব্য: ধৰ্মৰ ভিত্তিত দেশ বিভাজন নকৰিবলৈ পৰামৰ্শ দিছিল মোডীক

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি অ’বামাৰ মন্তব্য: ধৰ্মৰ ভিত্তিত দেশ বিভাজন নকৰিবলৈ পৰামৰ্শ দিছিল মোডীক

ধৰ্মৰ ভিত্তিত দেশত বিভাজন অনা উচিত নহয়। এনে নকৰিবলৈ মোডীক পৰামৰ্শ দিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ব'ৰাক অ'বামাই। হিন্দুস্তান টাইমছৰ লীডাৰশ্বিপ ছামিটত অংশ লৈ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে অ'বামাই। তেওঁ কয় যে মোডীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত ব্যক্তিগতভাৱে তেওঁ কৈছিল যে কেতিয়াও ধর্মৰ ভিত্তিত সংকীৰ্ণ মনোভাৱ লৈ দেশত বিভাজন অনা উচিত নহয়। কেৱল ব্যক্তিগতভাৱেই নহয়, আমেৰিকাৰ জনতাৰ প্ৰতিনিধি হিচাপে তেওঁ মোডীক এই পৰামৰ্শ দিছিল। তেওঁ লগতে কয় যে ভাৰতবৰ্ষৰ দৰে এখন দেশত মুছলমানসকলে নিজকে ভাৰতীয় বুলি গণ্য কৰে। কিন্তু বিশ্বৰ এনে বহুত দেশ আছে য'ত মুছলমান সম্প্ৰদায়ৰ লোকে বসবাস কৰি থকা দেশখনক নিজৰ দেশ হিচাপে গণ্য নকৰে। ভাৰতৰ মুছলমানসকল দেশৰ প্ৰতি উছৰ্গিত। সেয়ে এনে মুছলমানসকলক লৈ ভাৰতীয় সমাজ গৰ্বিত হোৱা উচিত। ইফালে পাকিস্তানৰ প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে দুধর্ষ সন্ত্রাসবাদী বিন লাডেন পাকিস্তানত লুকাই থকাৰ কথা ঘৃণাক্ষৰেও গম পোৱা নাছিল দেশখনে। এয়া অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।